Thursday, March 31, 2022

২৫০ বছৰীয়া পুৰণি খনিকৰ পুথি

 উজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই “খনিকৰ পুথি” নামৰ ঐতিহাসিক পুথিভাগৰ বিষয়ে কম-বেছি পৰিমাণে জ্ঞাত। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এই খনিকৰ পুথিভাগৰ ইতিহাস প্ৰায় আঢ়ৈশ বছৰৰ পুৰণি।

অসমীয়া জাতিৰ গৌৰ‌ৱ উজ্বল ইতিহাসৰ সাক্ষী এই খনিকৰ পুথিভাগ বর্তমান কালত ৰাজ্যখনৰ এক আপুৰুগীয়া জাতীয় সম্পদ বুলিলেও বঢ়াই কো‌ৱা নহয়।
বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা এই পুথিভাগৰ ওচৰত সে‌ৱা ধৰিবলৈ অহা আৰু স্বগৃহলৈ নি পাঠ কৰি পুণ্য অর্জন কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সমাগমে খনিকৰ গাঁ‌ৱক বর্তমান এক পুণ্যক্ষেত্ৰত পৰিণত কৰিছে।
খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১০৫ খিলা। ইয়াৰে দুখিলা বকলা। এই পুথিভাগৰ সাঁচিপাতসমূহ দীঘে ৪৫ ছে.মি. আৰু বহলে ১৬ ছে.মি.। পুথিভাগৰ শেষত “১৬৯০ শকৰ ৫ মাস, ৪বাৰ, ১তিথি সমাপ্ত”বুলি লিখা আছে।
অর্থাৎ, শ্ৰীমন্ত শংকৰদে‌ৱৰ তিৰোভা‌ৱ তিথিৰ প্ৰায় দুশ বছৰ পিছত, ইংৰাজী হিচাপমতে ১৭৬৮ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগ লিখি শেষ কৰা হৈছিল।
ইপিনে, নামঘোষা ভাগিৰ সবর্মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩, ইয়াৰ বকলা এখিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ ছে.মি. আৰু প্ৰস্থ ১০ ছে.মি.।
এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাৰ ব্য‌ৱস্থাও আছে। পুথি ভাগৰ শেষত লিখা আছে, “১৬৯০ শকৰ মাস২, বাৰ বুধ। ঘোষা পুস্তকং সম্পূর্ণং সমাপ্ত।”, অর্থাৎ, আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এইখন লিখি শেষ কৰা হৈছিল। পুথিকেইখনত উল্লিখিত তাৰিখ-বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০১৩ চনত ২৪৫ বছৰ পূর্ণ কৰা বুলি বুজিব পাৰি। পুথি দুখনৰ কোনোখনতেই পাতনি, সূচীপত্ৰ, লিখোঁতাৰ নাম বা ঠিকনা উল্লেখ নাই, বকলাত কে‌ৱল “যথা দৃষ্টং তথা লিখিতং” বুলিহে লিখা আছে।

পুথি দুখনৰ সংৰক্ষণস্থলীত বর্তমান বৰু‌ৱা পৰিয়ালৰ প্ৰযত্নত আৰু ৰাইজৰ সহযোগত এটি নামঘৰ প্ৰতিষ্ঠা কৰি উলিও‌ৱা হৈছে।

দেৰগাঁও-গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কুৰালগুৰি চাৰি আলিৰ পৰা প্ৰায় ৫কি.মি. পশ্চিমে অ‌ৱস্থিত খনিকৰ চাৰি আলিৰ পৰা বাওঁহাতে প্ৰায় আধা কিলোমিটাৰ দূৰত্বত যো‌ৱা ২০০০ চনৰ মার্চ মাহত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি উলিও‌ৱা এই নামঘৰটিৰ নাম ৰখা হৈছে খনিকৰ পুথি নামঘৰ।
খনিকৰ পুথিৰ সংৰক্ষণস্থলী, এই নামঘৰলৈ বর্তমান প্ৰতিদিনে একাধিক ভক্ত-দর্শনার্থী আৰু অনুগ্ৰহ প্ৰার্থীৰ আগমন ঘটে। বহুতো ব্যক্তি বা গৃহস্থীয়ে মনোগত অভীষ্ট সিদ্ধিৰ বাবে নামঘৰৰ পুথিভাগলৈ দিনৌ শলা-বন্তি, নৈবিদ্য বা দ্বণ্ড-খৰছা আগবঢ়ায়গৈ আৰু অন্যান্য কিছুসংখ্যকে স্বগৃহলৈ নি নাম-প্ৰসংগৰ জড়িয়তে শ্ৰ‌ৱণ-কীর্তন কৰাৰ মানসব্যক্ত কৰেগৈ। খনিকৰ পুথিক গৃহলৈ আহ্বান কৰা গৃহস্থীৰ সুবিধাৰ অর্থে নামঘৰটিত আজিকালি আগ্ৰহৰ তাৰিখ অনুক্ৰমে ভক্তৰ নাম-ঠিকনা সাঁচি ৰাখি শৃংখলাবদ্ধভাৱে অনুমোদন জনো‌ৱাৰ ব্যৱস্থা কৰা হৈছে। বর্তমান এই দায়িত্বত আছে বৰু‌ৱা পৰিয়ালৰ সন্তান শ্ৰী ভ‌ৱেশ বৰু‌ৱা।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, পুথিভাগক স্বগৃহলৈ নিব বিচৰা ভক্তই চুৰীয়া-চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈত্যে নিজৰ মুৰৰ ওপৰত বা কান্ধত বহু‌ৱাইহে নিয়াৰ নিয়ম, কোনো বাহনৰ সহায়ত নহয়। পুথিভাগ সন্মুখেৰে পাৰ হৈ যো‌ৱা দেখা পালে সাধাৰণতে পদযাত্ৰী বা যান-বাহনৰ আৰোহীয়ে ৰৈ দি অথবা নতশিৰ হৈ পুথিভাগলৈ প্ৰণিপাত জনায়।

আঢ়ৈশ বছৰৰ গৌৰ‌ৱোজ্বল ইতিহাস বুকুত সামৰি ৰখা সাঁচিপতীয়া পুথিভাগৰ ইয়াতকৈ পুৰণি তথ্য জনা নাযায়। ভক্তৰ মনত ইয়াৰ অলৌকিকতা আৰু বিশ্বাসৰ উপৰিও চহকী অসমীয়া ঐতিহ্যৰ উহ বিচাৰিবলৈ পুথিভাগৰ ওপৰত বুৰঞ্জী আৰু বিজ্ঞানৰ দিশৰ পৰা বিস্তৃত গ‌ৱেষণাৰ থল আছে। বর্তমান প্ৰেক্ষাপটত পুথিকেইভাগৰ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰাও অতি প্ৰয়োজনীয়।

খনিকৰ পুথি নামৰ পুথিভাগ দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদে‌ৱ আৰু শ্ৰীমন্ত মাধ‌ৱদে‌ৱৰ দ্বাৰা ৰচিত “কীর্তন” আৰু“নামঘোষা” নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা এই পুথি দুখন আৱিষ্কাৰ হো‌ৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা সুদৃশ্য কাঠৰ বাকছৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে, মানৰ অসম আক্ৰমণৰ সময়তেই (১৮১৯-১৮২১চন) খনিকৰ গাঁও নি‌ৱাসী মণি বৰু‌ৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল।
সেই সময়ত মানৰ অত্যাচাৰত গাঁ‌ৱৰ অধিকাংশ লোকেই হাবিয়ে-বননিয়ে পলাই ফুৰিছিল যদিও বৃদ্ধ মণি বৰু‌ৱাই বার্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল।
এসময়ত মানে গাঁ‌ৱৰ সকলোৰে ঘৰৰ স্থা‌ৱৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰু‌ৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। পিছত, ৺বৰু‌ৱাই টোপোলাটো খুলি তাত কীর্ত্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্না‌ৱলী নামেৰে চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰে “দশম”ভাগ নিজৰ গাঁ‌ৱৰ নামঘৰলৈ আৰু “ভক্তি ৰত্না‌ৱলী ভাগ কাষৰ হালো‌ৱা গাঁ‌ৱৰ নামঘৰলৈ আগবঢ়ায় আৰু বাকী ৰো‌ৱা কীর্ত্তন আৰু দশম পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথিদুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী ৺লীলাৰাম বৰু‌ৱাই দুটি কাঠৰ বাকছ তৈয়াৰ কৰি দিয়ে।
অৱশ্যে পিছলৈ অন্যান্য কেইবাজনো গুণমুগ্ধই পুথি সংৰক্ষণৰ উদ্দেশ্যে এনে বাকছ গঢ়ি দিছে বুলি জনা যায়। পিছত, দুই-এক গুণগ্ৰাহী লোকে এই পুথি দুভাগ নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিবলৈ ধৰে আৰু ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে।

মণি বৰু‌ৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথিদুখনৰ সংৰক্ষণৰ দায়িত্ব লয়। এনেদৰে, মানৰ আক্ৰমণৰ সময়ৰ পৰা বর্তমানলৈকে সেই খনিকৰ গাঁ‌ৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথি দুখন জনমানসত খনিকৰ পুথি নামেৰেই বিখ্যাত হৈ পৰিল।

নোবেল বঁটাৰ জন্ম কাহিনী

 পৃথিৱীৰ সর্বশ্রেষ্ঠ সন্মান হ’ল নােবেল বঁটা। শ্রেষ্ঠতম কৰ্মৰাজিৰ বাবে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান,সাহিত্য, অর্থনীতি আৰু শান্তিৰ নােবেল বঁটা আগবঢ়োৱা হয়।প্রতিবছৰে অক্টোবৰ মাহৰ প্রথম পষেকত নােবেল বঁটাসমূহ ঘােষণা কৰা হয়। এই নােবেল বঁটাত আছে।বিপুল পৰিমাণৰ ধন, নােবেল আলােকচিত্র খচিত এটা সােণৰ মেডেল আৰু এখন প্রশস্তি-পত্ৰ ১৯০১ চনৰ পৰা এই বটা দিবলৈ আৰম্ভ কৰা হৈছিল। এই মহৎ বঁটাটোৰ বাবে যিগৰাকী লােকে দান কৰিলে তেওঁ হ’ল আলফ্রেড বার্নহার্ড নােবেল। তেখেতৰ ইচ্ছপত্ৰত দিয়া বিধানমতে তেওঁৰ মৃত্যুদিৱস ১০ ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে নােবেল বঁটা প্ৰদান কৰা হয়। আলফ্রেড নােবেল দেউতাক আছিল ইমানুৱেল নােবেল। তেখেত

১৭ শতিকাৰ ছুইডেনৰ এজন অসাধাৰণ বিজ্ঞানী। ইমানুৱেল নােবেল আছিল অস্ত্রশস্ত্র নির্মাণকাৰী।


তেওঁৰ ব্যৱসায়ক মৃত্যুৰ বনিজ’ বুলি ক্ষুদ্র শান্তিকামীসকলে নামাকৰণ কৰা কথাটোও তেওঁ অকণাে বিৰক্তিবােধ কৰা নাছিল।তেওঁৰ নিজৰ ঠাই ছুইডেনত থকা ফার্মখনে ব্যৱসায়িকভাৱে মাৰ যােৱাৰ পাছত তেওঁ ৰাছিয়াৰ ছেন্ট পিটাছব্রৰ্গলৈ (বর্তমান লেলিনগ্রাড) প্ৰৱজন কৰে। তেওঁ ১৮৩৩ চনৰ ২১ অক্টোবৰত আলফ্রেড নােবেলৰ লগতে অন্য পুতেকসকলকো লগত লৈ গল।ছুইডেনত প্রাথমিক শিক্ষা লাভ কৰা আলফ্রেডক ৰাছিয়াত ১৮৪৩ চনৰ পৰা ১৮৫০ চনলৈ ঘৰুৱা শিক্ষকৰ তত্বাৱধানত জীৱনৰ প্ৰথম বছৰবােৰত আলফ্রেড আছিল এজন ৰুগীয়া । ল'ৰা। মেৰুদণ্ড খুব দুর্বল হােৱা বাবে তেওঁ বিচনাতে।কেইবাদিনলৈ জিৰণি লৈ থাকিব লগা হৈছিল। ঘৰৰ বাহিৰৰ খেল-ধেমালিত অংশ ল’বলৈ তেওঁ অতিকে দুর্বল আছিল।সেইবাবে তেও দৃঢ় প্রতিজ্ঞ হৈ মানসিক দক্ষতাৰ উৎকর্ষ সাধন কৰাত লাগিল । তেওঁ বিজ্ঞান, সাহিত্য, বুৰঞ্জী,আৰু দর্শন সকলাে বিষয়ৰে কিতাপ পঢ়িবলৈ ললে। তেওঁ চাৰিটা বিদেশী ভাষা আয়ত্ব কৰিলে ৰুছ, ফৰাচী, জার্মান, ইংৰাজী।১৮৫০ চনত এটা দুবছৰীয়া যাত্ৰাৰ বাবে আলফ্রেডে ঘৰৰ পৰা ওলাল। এই যাত্ৰাত আলফ্রেডে বহু ঠাই ভ্ৰমণ কৰিলে।১৮৫২ চনৰ জুলাই মাহত তেওঁ বাপেকৰ ব্যৱসায়ত যােগ দিলে।ক্রিমিয়ান যুদ্ধৰ সময়ত (১৮৫৩-৫৬)ৰাছিয়াত যুদ্ধৰ অস্ত্র-শস্ত্ৰৰ যােগানৰ টকা পইচাই তেওঁলােকৰ কাৰখানাৰ চন্দুক ভৰাই পেলালে।তেওঁলােকৰ কাৰখানাৰবিশেষত্ব আছিল, শত্ৰুৰ জাহাজক উদ্দেশ্যি নিক্ষেপ কৰিব পৰা ভাসমান মাইন। কিন্তু এই বিস্ফোৰক পদার্থবােৰ ডাঙৰ ডাঙৰ যুদ্ধ জাহাজৰ গুৰুতৰ ক্ষতি সাধিব পৰা শক্তিশালী নাছিল। ইয়াৰ বাবেই দুয়াে পিতা-পুত্রই বেছি ক্ষমতাশীল বিস্ফোৰক পদাৰ্থৰ সন্ধান আৰম্ভ কৰিলে।১৮৫৬ চনত ক্রিমিয়ান যুদ্ধৰ সমাপ্তি নােবেল পৰিয়ালৰ বাবে এটা ডাঙৰ পশ্চাৎ অপসাৰণৰ ঘটনা। বাৰুদৰ যােগানৰ অর্ডাৰ হঠাৎ শেষ হৈ গ'ল। আকৌ কাৰখানাটোও জুই লাগি ধ্বংস হ’ল। তাৰপাছত ১৮৫৯ চনত তেওঁলােক চুইডেনলৈ উভটি আহিল।বাপেক পুতেক দুয়াে পৰীক্ষাত বহিল আৰু ১৮৬২ চনত তেওঁলােকে নাইট্র গ্লিছাৰিণৰ প্ৰথমটো নিয়ন্ত্রিত বিস্ফোৰণ ঘটালে। ১৮৬৩ চনত আলফ্রেডে ইয়াৰ বাবে এটা ডিটোনেটৰ পেটেন্ট কৰে।



১৮৬৪ চনত এটা দুখজনক ঘটনাত আলফ্রেডৰ কনিষ্ঠ ভাতৃ প্রমিল আৰু অন্য চাৰিজন লােকৰ মৃত্যুৰ লগতে কাৰখানাটোও ধ্বংস হ’ল। তেতিয়া কর্তৃপক্ষই নাইট্রপ্লিছাৰিন উৎপাদনৰ অনুজ্ঞাপত্ৰ বন্ধ কৰি দিলে।আলফ্রেডে কিন্তু এই লােকচানক সাহসেৰে গ্ৰহণ কৰি,জার্মানীৰ হামবার্গলৈ নিজৰ কাৰখানা স্থানান্তৰ কৰে। কিছুবছৰৰ ভিতৰতে বিস্ফোৰক বিক্ৰী কৰি বহুত ধন-সম্পদ আৰু যশস্যা আর্জিলে কিন্তু নাইট্রপ্লিছাৰিণৰ বিপদ সংকুলতা তেতিয়াও সমাধান নহ'ল। নাইট্রপ্লিছাৰিণ সহজে ব্যৱহাৰ কৰিবৰ বাবে নােবেলে পৰীক্ষা কৰি চোৱা এবিধ বস্তু আছিল হামবার্গৰ ওচৰত পােৱা এবিধ বােকা-মাটি, যাৰ নাম কিয়েজেলপুৰ। ই নাইট্রগ্লিছাৰিণ সহজে শােষণ কৰে। ইয়াক নিৰাপদে পৰিবহন কৰিব পাৰি, বিশেষকৈ ইয়াক এবিধ ডিটোনেটৰৰ সহায়ত বিস্ফোৰিত কৰিব পাৰি। এই বিস্ফোৰণৰ মাত্ৰা জুলীয়া নাইট্র’গ্নিছাৰিণৰ বিস্ফোৰণতকৈ ২৫ শতাংশ কম। ইয়াৰ ওপৰত বিস্তৃত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত নােবেলে ১৮৬৭ চনত ব্যৱসায়িক ভাৱে ইয়াক প্রস্তুত কৰে। নােবেলে ইয়াৰ নাম দিলে।‘ডাইনামাইট’ নােবেলৰ ব্যৱসায় ডাইনামাইট উৎপাদনৰ পাছৰ পৰা দ্রুতগতিত বৃদ্ধি পালে। তেওঁ পৃথিৱীৰ এজন সর্বোচ্চ সম্পদশালী ব্যক্তি হৈ পৰিল। ১৮৭৫ চনত নােবেলে ক্লাষ্টিং জিলেটিন উদ্ভাৱন কৰে। ১৮৮৭ চনত তেওঁ বেছি নিয়ন্ত্রিত ভাৱে বিস্ফোৰণ ঘটাব পৰা বেলিছাইট উদ্ভাৱন কৰে। অৱশেষত তেওঁ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে উন্নত ধোঁৱাবিহীন পাউদাৰ উদ্ভাৱন কৰে।নােবেলৰ যশস্যা কেৱল বিস্ফোৰক নির্মাণৰ বাবেই হােৱা নাছিল।তেওঁ আছিল সুদক্ষ উদ্ভাৱক আৰু সকলাে কামতে নিপুণ।প্রকৃততে তেওঁৰ প্রথম পেটেণ্টটো আছিল। ১৮৫৭ চনত উদ্ভাৱন কৰা গেছ হােল্ডাৰ। তেওঁ ৩৫০ টাতকৈ অধিক সামগ্রী পেটেণ্ট কৰিছিল। শান্তিৰ সময়তো ৰেলগাড়ীৰ সুৰংগ, হাইৱে,খনি আৰু অন্যান্য কামত ডাইনামাইট ব্যৱহাৰ কৰা হয়। আলফ্রেড নােবেল শাৰীৰিক ভাৱে লেখত ল'ব লগা নাছিল। তেওঁ লাজকুৰীয়া, নিঃসংগ আছিল আৰু তেৱো জীৱনত বিয়া কৰােৱা নাছিল ।তেওঁৰ জীৱনকালত তেওঁক ঘৃণাৰ চকুৰে চোৱা হৈছিল।কিয়নাে তেওঁৰ যুদ্ধক বেছি ধ্বংসকাৰী কৰাৰ বাবে ভূমিকা লৈছিল। জীৱনৰ বেছিভাগ সময়ত তেওঁ দেউতাকৰ দৰেই ৰাজহুৱা সমালােচনাৰ প্রতি উদাসীন আছিল। কিন্তু নােবেলক এটি সৰু ঘটনাইপ্ৰভাৱ পেলাইছিল, যেতিয়া এখন বাতৰি কাকতে তেওঁ জীয়াই থাকোতেই ভুলক্রমে তেওঁৰ এটি মৰণােত্তৰ স্মৃতিলেখা প্রকাশ কৰি পেলাইছিল৷ ইয়াত তেওঁক মৃত্যুৰ বনিক বুলি বর্ণনা কৰা হৈছিল। এই মন্তব্যক তেওঁ আগতে গুৰুত্ব নিদিলােহেঁতেন, কিন্তু তেওঁক এতিয়া এই মন্তব্যই দুখ দিছিল,কাৰণ তেওঁ মৃত্যুৰ কাষ চাপিছিল আৰু তেওঁ উপলদ্ধি কৰিছিল যে উত্তৰ পুৰুষে তেওঁক এনেদৰেই মনত ৰাখিব। ইয়ে তেওঁক চিন্তাত পেলাইছিল, কিছু সময়ৰ বাবে তেওঁৰ সচিব হিচাপে কাম কৰা বেৰােনেছবার্থা ভন ছুটানাৰে। ১৮৯৫ চনৰ নৱেম্বৰ মাহত মৃত্যুৰ প্ৰায় এবছৰ আগেয়ে আলফ্রেড নােবেলে নিজৰ সম্পতিৰ বেছি অংশ পায় ২ নিযুত পাউণ্ড এখন ন্যাসৰ নামত দিবলৈ ইচ্ছাপত্রত চহী কৰে। নােবেলে নিজৰ শেষ দিনবােৰ ইটালিৰ ৰেমাে নামৰ ঠাইত কটায়। এই ন্যাসে ধনৰ সুতখিনি ৫টা ভাগত ভাগ কৰি পাঁচটা ক্ষেত্ৰত ৰাষ্ট্ৰীয়তা, লিংগ নির্বিশেষে বঁটা হিচাপে দিবলৈ থিৰ কৰিছিল (পাছত বেংক অৱ ছুইডেনে এটা বটা যােগ দিয়ে)। ১৮৯৬ চনৰ ১০ ডিচেম্বৰত আলফ্রেড বার্ণহার্ড নােবেলৰ মৃত্যু হয়। এতিয়া নােবেল বঁটা নােবেল সমিতিয়ে ছেপ্টেম্বৰ মাহত পৃথিৱীৰ প্রায় ৩০০০ জন বিভিন্ন

ক্ষেত্ৰত প্রখ্যাত ব্যাক্তিলৈ মনােনয়নৰ বাবে প্রেৰণ কৰে। এই পত্ৰখন ৩১ জানুৱাৰীৰ ভিতৰত পূৰণ কৰি পঠিয়াব লাগে।নােবেল সমিতিয়ে মনােনয়নৰ মাজৰ পৰা ৩০০ জনমান সম্ভাব্য বিজয়ীৰ নাম নির্বাচন কৰে। এই নামবােৰ কোনাে ক্ষেত্ৰতে প্রকাশ কৰা নহয়। মনােনয়নবােৰ বঁটা ঘােষণা কৰাৰ ৫০ বছৰলৈকে ৰাজহুৱা কৰা নহয়। নােবেল সমিতিয়ে বিভিন্ন বিশেষজ্ঞৰ পৰামর্শসমূহৰ এক প্রতিবেদন প্রস্তুত কৰে আৰু বঁটা প্রদান প্রতিষ্ঠান প্রার্থীসমুহৰ প্রাথমিক এখন তালিকা উপস্থাপন কৰে। প্রতিষ্ঠানসমুহে ভােটৰ সহায়ত বিজয়ীসকলক বাচি উলিয়ায়। একোটা বছৰত এটা বিষয়ত সর্বাধিক তিনিজন ব্যক্তিৰ নাম বঁটাৰ বাবে ঘােষনা কৰে। শান্তিৰ বঁটাৰ বাহিৰে আন বঁটাকেইটা ব্যাক্তি বিশেষক প্রদান কৰে। ব্যক্তি বা অনুষ্ঠানক শান্তিৰ বঁটাৰ বাবে মনােনয়ন কৰা হয়। নােবেল বঁটাৰ একমাত্র নামটোৱেই পৃথিৱী বিখ্যাত বিজ্ঞানী, সাহিত্যিক আৰু অৰ্থনীতিৰ দৃষ্টি সন্মােহিত কৰি তােলে।


ছুনামি (Tsunami)


ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু "Tsu" মানে বন্দৰ আৰু নামি "nami" মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।

ইতিহাসঃ
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়। ভাৰত মহাসাগৰৰ উপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প। ইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়। ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়।

সৃষ্টিৰ কাৰণঃ
সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল ভূমিকম্পই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ। সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল। সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল। মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল। সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ্য বেছি নাছিল। আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল। কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত। ইয়াৰ কাৰণ হ'ল - উপকূলৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়।

প্ৰায়ভাগ ছুনামিয়ে ভূতাত্ত্বিক প্লেট স্থানান্তৰ ঘটি সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত সৃষ্টি হয়

সাগৰপৃষ্ঠৰ গৰ্ভত থকা আগ্নেয়গিৰিৰ উদগীৰণ হৈও ছুনামিৰ সৃষ্টি হ'ব পাৰে

সাগৰৰ গভীৰ অংশত গেছৰ উৎপত্তি হৈও ছুনামিৰ ৰূপ ল'ব পাৰে

Overriding plate bulges under strain, causing tectonic uplift.

Plate slips, causing subsidence and releasing energy into water.

The energy released produces tsunami waves.

ক্ষতিগ্ৰস্ত অঞ্চলঃ প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ সাগৰৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়। "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত পৃথিৱীত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল। বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল। আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩। এইবোৰে চীন,জাপান,জাভা,পেৰু,চিলি,ইণ্ডোনেছিয়া,আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল। ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১খন দেশৰ অভাৱনীয় ক্ষতি কৰে। এই ১১খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন। শ্ৰীলংকাত ৩০ হাজাৰ,ভাৰতৰ তামিলনাডু,পণ্ডিচেৰী,অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন। আন্দামানত ৭,০০০ জন। ম্যানমাৰ,মালয়েচিয়া,থাইলেণ্ড,মালদ্বীপ আদিতো বহু লোকৰ মৃত্যু হয়। বহুলোকৰ সন্ধানেই পোৱা নগল।

১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ
সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায়
সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে।
ধ্বংসলীলাঃ
ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল। এই ছুনামিত ভাৰতৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা। ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল। মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক। ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত ইণ্ডোনেছিয়া,ভাৰত আৰু শ্ৰীলংকাতে ধন-জন হানি আতাইতকৈ বেছি।

ভাৰতৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - উৰিষ্যা,পশ্চিমবংগ,অন্ধ্ৰপ্ৰদেশ,তামিলনাডু,পণ্ডিচেৰী,কেৰালা আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। তাৰ ভিতৰত তামিলনাডু আৰু আন্দামান-নিকোবৰতে ক্ষয়-ক্ষতি সৰ্বাধিক।




Wednesday, March 30, 2022

Upcoming

নিৰৱিলি: এটি নিৰৱ কাহিনী নিৰৱিলি: এটি নিৰৱ কাহিনী The old man and the sea World famous Nobel Award Winning Book Click Here For Book .

Friday, February 4, 2022

চাকৰিৰ প্রার্থী

বেংকৰ চাকৰি এটাৰ লিখিত পৰীক্ষা এটাতে তাইক লগ পাইছিল সি।বগাকৈ ধুনীয়া ছোৱালীজনীয়ে তাৰ লগত একেখন বেঞ্চতে বহি পৰীক্ষা দিছিল।পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক আগলৈকে কিবা গাইডবুক এখনত অস্থিৰভাৱে চকু ফুৰাই থকা ছোৱালীজনীক বৰ মৰম লাগি গৈছিল তাৰ।“প্রথমবাৰ দিবা?”,ইতিমধ্যে কেইবাটাও এনে পৰীক্ষা দি প্রায় অভ্যস্ত হোৱা সি হাঁহি এটাৰে সুধিছিল তাইক।
“অঁ’ ”,সৰু উত্তৰ এটা আহিছিল।
সেইদিনা বিকাশৰ পৰীক্ষা ভাল হৈছিল। তিনিবছৰ আগতে বিশ্ববিদ্যালয়ৰ পৰা শেষ পৰীক্ষাটো দি ওলাই আহি ভুলটো আৰু একো পৰীক্ষাত নবহো বুলি পণ কৰা বিকাশৰ বুকুত আশা এটাই পোহৰ অকণ বিলায়। এইবাৰ সি কিজানি চাকৰি এটা পাই যাব। কলমটো আৰু এডমিট কার্ডখন পকেটত ভৰাই সি তাইক সুধিছিল,”কেনে হ’ল?”।
“নাজানো কি হ’ল।দেউতাই দিব কোৱা বাবেহে দি চালোঁ।কি বা হয়।”, অকণমান হাঁহি কৈছিল তাই।গুলপীয়া দোপাত্তাখন ঠিক-ঠাক কৰি তাই যাব লৈছিল।
“যোৱা তেন্তে।”,সি কোৱা কথাষাৰ নুশুনাকৈয়ে তাই ওলাই গৈছিল আৰু তাৰ মুগ্ধ দৃষ্টিক আওকাণ কৰি সন্মুখৰ চিনাকী ৰাজপথত লাহে লাহে হেৰাই গৈছিল অচিনাকী ছোৱালীজনীৰ গুলপীয়া দোপাত্তাখন।
তাৰপাছৰ দিনকেইটা বিকাশে দি অহা পৰীক্ষাটোৰ ৰিজাল্টৰ অপেক্ষাত কটালে।দৈনন্দিন কামবোৰৰ আড়স্ততাৰ মাজে মাজেও তাৰ মনলৈ সেইদিনা দেখা ছোৱালীজনীৰ ধুনীয়া মুখখন আহি থাকিল।ক’ৰ ছোৱালী,কাৰ ছোৱালী,কি পঢ়ি আছে,তাতকৈ কিমান সৰু ইত্যাদি এশ এটা প্রশ্নৰ মাজত নিজকে আৱদ্ধ কৰি কৰি সি কিবা অজানা সুখত মজি থাকিল। “দোস্ত,তই অচিনাকী ছোৱালীজনীৰ প্রেমত পৰিলি।নিজক চম্ভালি ল।এইবোৰ ছোৱালী আমাৰ দৰে বেকাৰৰ ভাগ্যত নাই।“,তাৰ অৱস্থা দেখি লগৰ অংকুৰে কয়।বিকাশে একো ক’ব নোৱাৰা হয়।কোঁৱাৰ উপায় নাথাকে।অংকত চোকা বুলি বন্ধুমহলত খ্যাত বিকাশৰ হিচাপবোৰ নিমিলে।
বিশ দিনমানৰ পাছত বিকাশলৈ এটা ই-মেইল আহিল।বেংকৰ লিখিত পৰীক্ষাটোত সি পাছ কৰিছে।এতিয়া এসপ্তাহ পাছত হ’বলগীয়া মৌখিক সাক্ষাৎকাৰলৈ তাক বাছনি কৰা হৈছে।আনন্দত যেন সি নাচিহে উঠিব তেনে লাগিল বিকাশৰ।কিজানি এইবাৰ সি চাকৰিটো পাই যাব।
“সাক্ষাৎকাৰটোহে,পাৰিব সি।“,মনে মনে সি ভাবিলে। বিকাশৰ অংকুৰহঁতক কৈ দিব মন গ’ল,” চাকৰিটো যদি পাই যাওঁ তাইক বিচাৰি উলিয়াই কৈ দিম ভালপাওঁ বুলি।ভাল ঘৰৰ শিক্ষিত আৰু ভাল লৰা মই।চাকৰি এটা হোৱাৰ পাছত তাই মোক বিয়া নকৰোৱাৰ কথাই নাই।“
সাক্ষাৎকাৰৰ দিনা বেংকৰ অফিচত উপস্থিত হৈ বিকাশৰ চিন্তিত মুখখনেৰে আনন্দৰ ঢৌ এটি বাগৰি গ’ল।সেয়া তাৰপৰা অকণমান আতৰৰ চকী এখনত তাই বহি আছে।তাই মানে, ইমানদিনে তাৰ মন আৰু মগজু আছন্ন কৰি থোৱা সেই অচিনাকী ছোৱালীজনী।“তুমি কম নোহোৱা দেই।এদিনৰ দেখাতে মোৰ মনটোতো কাঢ়িলাই,এতিয়া দেখিছো বেংকৰ চাকৰিও লৈহে তত্ পাবা।“,বিকাশে মনতেই যেন তাইক ক’লে।
তাইলৈ চাই থাকোতেই তাৰ তাইৰ চকুৱে চকুৱে পৰিল।কবিতা কবিতা যেন লগা এযোৰ ধুনীয়া চকুৰ অধিকাৰী তাই।নিজে ক’ব নোৱাৰাকৈইয়ে সি আগবাঢ়ি গৈ তাইক মাত লগালে,”হাই!চিনি পাইছা মোক?তোমাৰ লগত একেলগে এইটো বেংকৰ পৰীক্ষা দিছিলো।“
হঠাৎ গৈ এনেদৰে তাইক মতা বাবে অলপ উচপ্ খোৱাৰ দৰে হৈ তাই প্রথমে অলপপৰ একো ক’ব নোৱাৰিলে।তাৰপাছত ধুনীয়া চকু দুটি নচুৱাই তাই কৈ উঠিল,”অ’ মনত পৰিছে।আপোনাক দেখি চিনি পোৱা নাছিলো।বহুত দিন হ’ল যে,পাহৰিয়ে থাকিলো।এতিয়া মনত পৰিছে। ইমান ভাল সংযোগ নহয়নে?একেলগে পৰীক্ষা দিয়াৰ পাছত এতিয়া একেলগে মৌখিক সাক্ষাৎকাৰ দিব আহিছোঁ।এতিয়া আমি দুয়ো চাকৰিটোও পাই গ’লে আৰু ভাল হ’ব নহয়নে?“তাই হাঁহি হাঁহি ক’লে।হাঁহিলে তাইক ধুনীয়া দেখি।
“তোমাক এনেদৰে আকৌ লগ পাম বুলি ভবাই নাছিলোঁ।সেইদিনাটো পাছ কৰিলো, আজি বা কি হয়।“মনৰ মাজত ঢৌ খেলিব ধৰা প্রেমৰ সাগৰখনক কোনোমতে চম্ভালি বিকাশে ক’লে।
দুয়ো দুই এটা কথা পাতিলে।তাই কথাই কথাই হাঁহে।বিকাশে মন কৰিলে। বিকাশ যেন আকৌ এবাৰ তাইৰ প্রেমত পৰিল। কিছু সময় পাছত বিকাশৰ সাক্ষাৎকাৰৰ পাল পৰিল।তাৰ মৌখিক সাক্ষাৎকাৰটো খুব ভাল হ’ল।ছোৱালীজনীক আকৌ এবাৰ লগ পোৱাৰ আনন্দতে সি মুকলি মনেৰে সকলো প্রশ্নৰ উত্তৰ দি গ’ল।অৱশেষত এজন সাক্ষ্যাৎগ্রহণকাৰীয়ে নিজৰ মনৰ ভাৱ লুকুৱাব নোৱাৰি কৈয়ে পেলালে,”তোমাক আমাৰ প্রতিস্থানৰ কর্মী হিচাপে পাই খুব ভাল লাগিব।আমাক জইন্ কৰিবলৈ সাজু হোৱা।“নিজৰ ভাগ্যখনকে অবিশ্বাস কৰিব যেন লাগিল বিকাশৰ। তাৰ ভাগ্যোদয়ৰ কথা যেন একে উশাহতে ছোৱালীজনীক কৈ দিব এনে এটি ভাৱত বিকাশ হাঁহি মনেৰে বাহিৰলৈ ওলাই আহিল।ওলাই আহি সি দেখিলে ছোৱালীজনীৰ কাষত অলপ আগতে সি বহি থকা ছিটটোত অন্য লৰা এটা বহি আছে।



বিকাশক দেখি তাই হাত বাউল দি তাক মাতিলে।“কেনে হ’ল ইন্টাৰভিউ?”,তাই সুধিলে।
“ভাল হৈছে।চাকৰিটো পাম যেন লাগিছে।এওঁ কোন?” অলপ আগৰ উৎসাহটোৰ কথা পাহৰি বিকাশে তাইক সুধিলে।
“বঢ়িয়া কথা।অ’ এওঁ অনিল কাকতি।অহা মাহত এওঁৰ সৈতে মোৰ বিয়া।আজি পুৱা মোক ইয়াত থৈ তেওঁ কিবা কাম এটা কৰি আহিল।সেয়ে আপুনি লগ পোৱা নাছিল।“,তাই ক’লে।
ল’ৰাজনে বিকাশলৈ নিজৰ সোঁহাতখন আগবঢ়াই দিলে।বিকাশৰ মূৰত যেন আকাশখনহে সৰি পৰিল।কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি সি অকণমান সময় ঠৰ লাগি ছোৱালীজনী আৰু তাইৰ কাষত বহি থকা ল’ৰাজনলৈ চাই থাকিল।চাকৰিটোৰ আকাংশাৰ লগতে সি ইমানদিনে বুকুত কাঁচৰ ঘৰ এটাহে যেন সাজি আছিল।এতিয়া তালৈ হাঁহিমুখে সোঁহাতখন আগবঢ়াই ৰৈ থকা ল’ৰাজনে সেই কাঁচৰ ঘৰটো এফালৰ পৰা ভাঙি নিব।বিকাশৰ বুকুখন বিষাই উঠিল।সি ল’ৰাজনলৈ তাৰ সোঁহাতখন আগবঢ়াই নিদিলে। কাৰোফালে নোচোঁৱাকৈ খৰ গতিৰে বিকাশ তাৰ পৰা ওলাই আহিল। বাহিৰৰ আলিবাটত খোজ পেলাইহে সি উশাহ ল’ব পাৰিলে।অংকত চোকা বিকাশৰ সকলো হিচাপ খেলিমেলি হৈ থাকিল।

Sunday, January 30, 2022

উপন্যাসঃ-

  📖 অন্তৰীপ লেখক ভবেন্দ্ৰ নাথ শইকীয়া

📖 মিৰি জীয়ৰী লেখক ৰজনীকান্ত বৰদলৈ

📖 অঘৰী আত্মাৰ কাহিনী লেখক চৈয়দ আব্দুল মালিক

📖 ককাদেউতাৰ হাড় লেখক নৱকান্ত  বৰুৱা

📖 উপেক্ষিত যৌৱন মোৰ লেখক প্ৰসন্নকুমাৰ শৰ্মা

📖 ফেৰেংগাদাও লেখিকা মেদিনী চৌধুৰী

📖 সন্দিকৈ কলেজ লেখক প্ৰণৱ কমাৰ বৰ্মন

📖 তেজত আচন্ন অন্ধকাৰ লেখক ৰঞ্জু হাজৰিকা

📖 স্বৰ্ণ শিহৰণ লেখক ৰঞ্জু হাজৰিকা

📖 স্বাধীনতাৰ স্বপ্নগাথা লেখক অজয় লাল দত্ত

📖 হেৰুৱা দিগন্তৰ মায়া- মহিম বৰা New

📖 পৃথিৱীৰ প্ৰেম- ফনী তালুকদাৰ New

📖 ৰঙা ৰঙা তেজ - উমাকান্ত শৰ্মা New

📖 অনামী নাগিনী - কৈলাস শৰ্মা New

📖 জীৱন অন্বেষণৰ বাটত - যোগেশ চন্দ্ৰ কলিতা New

📖 এজনী নতুন ছোৱালী - চৈয়দ আব্দুল মালিক New

📖 চিত্ৰলেখা- চিত্ৰ মহন্ত New

📖 ধুমুহাৰ পিছত -নিলিমা দত্ত New

📖 য়াংজু নদীৰ পাৰ-মেদিনী চৌধুৰী New

📖 ৰক্তজৱা- বলেন বৰগোহাঁই New

📖 ৰহদৈ লিগিৰী - ৰজনীকান্ত বৰদলৈ New

📖 দেৱদাসী চৰনত কান্দে যাৰ প্ৰেমাঞ্জলি- ডঃ হেম বৰা New

📖 ফুলকোৱৰৰ পখী ঘোৰা- বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য New

📖 খোলাকটিৰ তাল- মেদিনী চৌধুৰী New

📖 তক্ষশীলাত বনমানুহ- ডঃ বীৰেন্দ্ৰ নাথ ডেকা New

📖 আধা লেখা দস্তাবেজ- মামনী ৰয়ছম গোস্বামী New

📖 মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস - মামনী ৰয়ছম গোস্বামী New

📖 দাশৰথিৰ খোজ - মামনী ৰয়ছম গোস্বামী New

📖 বিষকন্য়াৰ পৰশ - অমুল্য় হাজৰিকা New

📖 উল্কাৰ পোহৰ- কুমুদ গোস্বামী New

📖 কণিকা- সুৰেন্দ্ৰ নাথ শইকীয়া New

📖 মৃগ-তৃষ্ণা - নবীন চন্দ্ৰ ডেকা New

📖 ৰম্য়ভূমি- ভবেন্দ্ৰ নাথ শইকীয়া New

📖 শেষ পৃষ্ঠা - ভবেন্দ্ৰ নাথ শইকীয়া New

📖 সেন্দুৰ - ভবেন্দ্ৰ নাথ শইকীয়া New

📖 উপকন্ঠ - ভবেন্দ্ৰ নাথ শইকীয়া New

📖 ফেলানী - অৰূপা পটঙ্গীয়া কলিতা New

📖 মহাশ্বেতা - ৰমা বেজবৰুৱা New

📖 মহাশ্বেতাৰ পুনৰ্জন্ম - ৰমা বেজবৰুৱা New

📖 স্বপ্ন বৈজয়ন্তী - ৰমা বেজবৰুৱা New

📖 কবৰ আৰু কংকাল- কুমাৰ কিশোৰ New

📖 মনত মেঘৰ ৰং - জয়কান্ত গন্ধীয়া New

📖 নিৰ্যাতিতা - মথুৰা ডেকা New

📖 বৰ্ষা যেতিয়া নামে - ৰমা দাশ New

📖 বাসনাৰ ফুল - সুৰেন্দ্ৰ কুমাৰ শৰ্মা New

📖 সোৱণশিৰিত ৰেলৰ উকি - স্বৰ্ণ বৰা New

📖 কেচাঁপাতৰ কঁপনি - প্ৰফুল্লদত্ত গোস্বামী New

গল্পঃ-

 📖 আন্ধাৰত নিজৰ মুখ লেখক নগেন শইকীয়া

📖 উপকন্ঠ লেখক ভবেন্দ্ৰ নাথ শইকীয়া

📖 যন্ত্ৰবোৰৰ ঘৰ্ ঘৰ্ লেখক প্ৰশান্ত কুমাৰ দাস

📖 আন্ধাৰত নিজৰ মুখ লেখক নগেন শইকীয়া

📖 কাঠনিবাৰীৰ ঘাট লেখক মহিম বৰা

📖 কলং আজিও বয় লেখক ড. বীৰেন্দ্ৰ কুমৰা ভটাচাৰ্য

📖 জীৱন পথৰ বাধা লেখক অঞ্জল বৰা

📖 অদৃশ্য শিকলিৰ বন্ধন

📖 সাপ

📖 মহীৰূহ

APPROVAL FOR PUBLISHING E-BOOKS

 Publishing of E-Books in jajaboriemon e-book section  wiill be approved by 

 From Internet Archived , one of the largest digital libraries in the world and home of the history of the Web!

We’re so glad you’ve decided to join our community of digital archivers from around the world. With your free account you can enjoy:

  • 4.6 million books
  • 6 million videos
  • 14 million audio items (including 220,000 live music concerts)
  • 580,000 software titles
And Fully aproved by prosestaa wordpress
            
    As a 501c3 nonprofit dedicated to sustaining our digital history and culture for generations to come, we make all of our collections available for free.

             If any person has been downloading these books for any dishonest or marketing purposes then all responsibility of the copyright goes to the down-loader.



All E-Books in this website fully approved by 

Public Library of India





This library of books, audio, video, and other materials from and about India is curated and maintained by Public Resource. The purpose of this library is to assist the students and the lifelong learners of India in their pursuit of an education so that they may better their status and their opportunities and to secure for themselves and for others justice, social, economic and political.

This library has been posted for non-commercial purposes only and facilitates fair dealing usage of academic and research materials for private use including research, for criticism and review of the work or of other works and reproduction by teachers and students in the course of instruction. Many of the books and articles are either unavailable or inaccessible in libraries in India, especially in some of the poorer states and this collection seeks to fill a major gap that exists in access to knowledge.


Wednesday, January 26, 2022

A BEAUTIFULL STORY BY AMIEO KUMAR BORAH


     AMIEO KUMAR BORAH A STUDENT OF NOWGONG COLLEGE AUTONOMOUS WRITE A                   HEART TOUCHING STORY...............

PLEASE READ HERE