Notice
It is public notice that we hired few employees for our website service anyone can contact with us email: deepjyoti@dr.com
Order Issued
By Admin
Deepjyoti Bora
website is a E-book website where you can read 2000+ assamese e-books which will be fully approved. Including many educatioanl toll. like you tube video downloader, QR code maker, calculator, Voice to Text, Code to Decode etc.
Notice
It is public notice that we hired few employees for our website service anyone can contact with us email: deepjyoti@dr.com
Order Issued
By Admin
Deepjyoti Bora
সেই জুলনাখন
এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ নিসংগ ৰাতিৰ শান্ত শূণ্যতাত, অশান্ত মনৰ মৌন কোলাহল .... বিশৃংখল অনুভূতিৰ গধূৰ হেঁচাত ... বিধ্বস্ত হৈ পৰে আশা.... তথাপিটো হৈ আছে মৌন... হেজাৰ কথাৰ ঢৌ বই বুকুত ... তথাপিটো হৈ ৰয় মৌন... মৌনতা নহয় পৰাজয়ৰ পৰিচয়... হতাশাৰ যুঁজত জীয়াই থকাৰ প্ৰয়াস হে মাথোঁ মৌনতা..... হমমম.... মৌনতাই নিজকে কৈ যাই... কব নোৱাৰাবোৰ... গভীৰ নিশাৰ শান্ত শূণ্যতাত.... সকলো মৌন... Nagaon:Assam - Farid Anjum khanউজনি অসমৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই “খনিকৰ পুথি” নামৰ ঐতিহাসিক পুথিভাগৰ বিষয়ে কম-বেছি পৰিমাণে জ্ঞাত। গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এই খনিকৰ পুথিভাগৰ ইতিহাস প্ৰায় আঢ়ৈশ বছৰৰ পুৰণি।
অসমীয়া জাতিৰ গৌৰৱ উজ্বল ইতিহাসৰ সাক্ষী এই খনিকৰ পুথিভাগ বর্তমান কালত ৰাজ্যখনৰ এক আপুৰুগীয়া জাতীয় সম্পদ বুলিলেও বঢ়াই কোৱা নহয়।
বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ থকা বুলি ভবা এই পুথিভাগৰ ওচৰত সেৱা ধৰিবলৈ অহা আৰু স্বগৃহলৈ নি পাঠ কৰি পুণ্য অর্জন কৰিবলৈ বিচৰা ভক্তৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সমাগমে খনিকৰ গাঁৱক বর্তমান এক পুণ্যক্ষেত্ৰত পৰিণত কৰিছে।
খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১০৫ খিলা। ইয়াৰে দুখিলা বকলা। এই পুথিভাগৰ সাঁচিপাতসমূহ দীঘে ৪৫ ছে.মি. আৰু বহলে ১৬ ছে.মি.। পুথিভাগৰ শেষত “১৬৯০ শকৰ ৫ মাস, ৪বাৰ, ১তিথি সমাপ্ত”বুলি লিখা আছে।
অর্থাৎ, শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ প্ৰায় দুশ বছৰ পিছত, ইংৰাজী হিচাপমতে ১৭৬৮ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত খনিকৰ পুথিৰ অন্তর্গত কীর্তন পুথিভাগ লিখি শেষ কৰা হৈছিল।
ইপিনে, নামঘোষা ভাগিৰ সবর্মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩, ইয়াৰ বকলা এখিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ ছে.মি. আৰু প্ৰস্থ ১০ ছে.মি.।
এই পুথিখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাৰ ব্যৱস্থাও আছে। পুথি ভাগৰ শেষত লিখা আছে, “১৬৯০ শকৰ মাস২, বাৰ বুধ। ঘোষা পুস্তকং সম্পূর্ণং সমাপ্ত।”, অর্থাৎ, আগৰ পুথিখনৰ প্ৰায় তিনিমাহৰ আগত এইখন লিখি শেষ কৰা হৈছিল। পুথিকেইখনত উল্লিখিত তাৰিখ-বাৰ শুদ্ধ বুলি গণ্য কৰিলে দুইখন পুথিয়ে ২০১৩ চনত ২৪৫ বছৰ পূর্ণ কৰা বুলি বুজিব পাৰি। পুথি দুখনৰ কোনোখনতেই পাতনি, সূচীপত্ৰ, লিখোঁতাৰ নাম বা ঠিকনা উল্লেখ নাই, বকলাত কেৱল “যথা দৃষ্টং তথা লিখিতং” বুলিহে লিখা আছে।
পুথি দুখনৰ সংৰক্ষণস্থলীত বর্তমান বৰুৱা পৰিয়ালৰ প্ৰযত্নত আৰু ৰাইজৰ সহযোগত এটি নামঘৰ প্ৰতিষ্ঠা কৰি উলিওৱা হৈছে।
পৃথিৱীৰ সর্বশ্রেষ্ঠ সন্মান হ’ল নােবেল বঁটা। শ্রেষ্ঠতম কৰ্মৰাজিৰ বাবে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান,সাহিত্য, অর্থনীতি আৰু শান্তিৰ নােবেল বঁটা আগবঢ়োৱা হয়।প্রতিবছৰে অক্টোবৰ মাহৰ প্রথম পষেকত নােবেল বঁটাসমূহ ঘােষণা কৰা হয়। এই নােবেল বঁটাত আছে।বিপুল পৰিমাণৰ ধন, নােবেল আলােকচিত্র খচিত এটা সােণৰ মেডেল আৰু এখন প্রশস্তি-পত্ৰ ১৯০১ চনৰ পৰা এই বটা দিবলৈ আৰম্ভ কৰা হৈছিল। এই মহৎ বঁটাটোৰ বাবে যিগৰাকী লােকে দান কৰিলে তেওঁ হ’ল আলফ্রেড বার্নহার্ড নােবেল। তেখেতৰ ইচ্ছপত্ৰত দিয়া বিধানমতে তেওঁৰ মৃত্যুদিৱস ১০ ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে নােবেল বঁটা প্ৰদান কৰা হয়। আলফ্রেড নােবেল দেউতাক আছিল ইমানুৱেল নােবেল। তেখেত
১৭ শতিকাৰ ছুইডেনৰ এজন অসাধাৰণ বিজ্ঞানী। ইমানুৱেল নােবেল আছিল অস্ত্রশস্ত্র নির্মাণকাৰী।
তেওঁৰ ব্যৱসায়ক মৃত্যুৰ বনিজ’ বুলি ক্ষুদ্র শান্তিকামীসকলে নামাকৰণ কৰা কথাটোও তেওঁ অকণাে বিৰক্তিবােধ কৰা নাছিল।তেওঁৰ নিজৰ ঠাই ছুইডেনত থকা ফার্মখনে ব্যৱসায়িকভাৱে মাৰ যােৱাৰ পাছত তেওঁ ৰাছিয়াৰ ছেন্ট পিটাছব্রৰ্গলৈ (বর্তমান লেলিনগ্রাড) প্ৰৱজন কৰে। তেওঁ ১৮৩৩ চনৰ ২১ অক্টোবৰত আলফ্রেড নােবেলৰ লগতে অন্য পুতেকসকলকো লগত লৈ গল।ছুইডেনত প্রাথমিক শিক্ষা লাভ কৰা আলফ্রেডক ৰাছিয়াত ১৮৪৩ চনৰ পৰা ১৮৫০ চনলৈ ঘৰুৱা শিক্ষকৰ তত্বাৱধানত জীৱনৰ প্ৰথম বছৰবােৰত আলফ্রেড আছিল এজন ৰুগীয়া । ল'ৰা। মেৰুদণ্ড খুব দুর্বল হােৱা বাবে তেওঁ বিচনাতে।কেইবাদিনলৈ জিৰণি লৈ থাকিব লগা হৈছিল। ঘৰৰ বাহিৰৰ খেল-ধেমালিত অংশ ল’বলৈ তেওঁ অতিকে দুর্বল আছিল।সেইবাবে তেও দৃঢ় প্রতিজ্ঞ হৈ মানসিক দক্ষতাৰ উৎকর্ষ সাধন কৰাত লাগিল । তেওঁ বিজ্ঞান, সাহিত্য, বুৰঞ্জী,আৰু দর্শন সকলাে বিষয়ৰে কিতাপ পঢ়িবলৈ ললে। তেওঁ চাৰিটা বিদেশী ভাষা আয়ত্ব কৰিলে ৰুছ, ফৰাচী, জার্মান, ইংৰাজী।১৮৫০ চনত এটা দুবছৰীয়া যাত্ৰাৰ বাবে আলফ্রেডে ঘৰৰ পৰা ওলাল। এই যাত্ৰাত আলফ্রেডে বহু ঠাই ভ্ৰমণ কৰিলে।১৮৫২ চনৰ জুলাই মাহত তেওঁ বাপেকৰ ব্যৱসায়ত যােগ দিলে।ক্রিমিয়ান যুদ্ধৰ সময়ত (১৮৫৩-৫৬)ৰাছিয়াত যুদ্ধৰ অস্ত্র-শস্ত্ৰৰ যােগানৰ টকা পইচাই তেওঁলােকৰ কাৰখানাৰ চন্দুক ভৰাই পেলালে।তেওঁলােকৰ কাৰখানাৰবিশেষত্ব আছিল, শত্ৰুৰ জাহাজক উদ্দেশ্যি নিক্ষেপ কৰিব পৰা ভাসমান মাইন। কিন্তু এই বিস্ফোৰক পদার্থবােৰ ডাঙৰ ডাঙৰ যুদ্ধ জাহাজৰ গুৰুতৰ ক্ষতি সাধিব পৰা শক্তিশালী নাছিল। ইয়াৰ বাবেই দুয়াে পিতা-পুত্রই বেছি ক্ষমতাশীল বিস্ফোৰক পদাৰ্থৰ সন্ধান আৰম্ভ কৰিলে।১৮৫৬ চনত ক্রিমিয়ান যুদ্ধৰ সমাপ্তি নােবেল পৰিয়ালৰ বাবে এটা ডাঙৰ পশ্চাৎ অপসাৰণৰ ঘটনা। বাৰুদৰ যােগানৰ অর্ডাৰ হঠাৎ শেষ হৈ গ'ল। আকৌ কাৰখানাটোও জুই লাগি ধ্বংস হ’ল। তাৰপাছত ১৮৫৯ চনত তেওঁলােক চুইডেনলৈ উভটি আহিল।বাপেক পুতেক দুয়াে পৰীক্ষাত বহিল আৰু ১৮৬২ চনত তেওঁলােকে নাইট্র গ্লিছাৰিণৰ প্ৰথমটো নিয়ন্ত্রিত বিস্ফোৰণ ঘটালে। ১৮৬৩ চনত আলফ্রেডে ইয়াৰ বাবে এটা ডিটোনেটৰ পেটেন্ট কৰে।
১৮৬৪ চনত এটা দুখজনক ঘটনাত আলফ্রেডৰ কনিষ্ঠ ভাতৃ প্রমিল আৰু অন্য চাৰিজন লােকৰ মৃত্যুৰ লগতে কাৰখানাটোও ধ্বংস হ’ল। তেতিয়া কর্তৃপক্ষই নাইট্রপ্লিছাৰিন উৎপাদনৰ অনুজ্ঞাপত্ৰ বন্ধ কৰি দিলে।আলফ্রেডে কিন্তু এই লােকচানক সাহসেৰে গ্ৰহণ কৰি,জার্মানীৰ হামবার্গলৈ নিজৰ কাৰখানা স্থানান্তৰ কৰে। কিছুবছৰৰ ভিতৰতে বিস্ফোৰক বিক্ৰী কৰি বহুত ধন-সম্পদ আৰু যশস্যা আর্জিলে কিন্তু নাইট্রপ্লিছাৰিণৰ বিপদ সংকুলতা তেতিয়াও সমাধান নহ'ল। নাইট্রপ্লিছাৰিণ সহজে ব্যৱহাৰ কৰিবৰ বাবে নােবেলে পৰীক্ষা কৰি চোৱা এবিধ বস্তু আছিল হামবার্গৰ ওচৰত পােৱা এবিধ বােকা-মাটি, যাৰ নাম কিয়েজেলপুৰ। ই নাইট্রগ্লিছাৰিণ সহজে শােষণ কৰে। ইয়াক নিৰাপদে পৰিবহন কৰিব পাৰি, বিশেষকৈ ইয়াক এবিধ ডিটোনেটৰৰ সহায়ত বিস্ফোৰিত কৰিব পাৰি। এই বিস্ফোৰণৰ মাত্ৰা জুলীয়া নাইট্র’গ্নিছাৰিণৰ বিস্ফোৰণতকৈ ২৫ শতাংশ কম। ইয়াৰ ওপৰত বিস্তৃত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত নােবেলে ১৮৬৭ চনত ব্যৱসায়িক ভাৱে ইয়াক প্রস্তুত কৰে। নােবেলে ইয়াৰ নাম দিলে।‘ডাইনামাইট’ নােবেলৰ ব্যৱসায় ডাইনামাইট উৎপাদনৰ পাছৰ পৰা দ্রুতগতিত বৃদ্ধি পালে। তেওঁ পৃথিৱীৰ এজন সর্বোচ্চ সম্পদশালী ব্যক্তি হৈ পৰিল। ১৮৭৫ চনত নােবেলে ক্লাষ্টিং জিলেটিন উদ্ভাৱন কৰে। ১৮৮৭ চনত তেওঁ বেছি নিয়ন্ত্রিত ভাৱে বিস্ফোৰণ ঘটাব পৰা বেলিছাইট উদ্ভাৱন কৰে। অৱশেষত তেওঁ সেনাবাহিনীৰ ব্যৱহাৰৰ বাবে উন্নত ধোঁৱাবিহীন পাউদাৰ উদ্ভাৱন কৰে।নােবেলৰ যশস্যা কেৱল বিস্ফোৰক নির্মাণৰ বাবেই হােৱা নাছিল।তেওঁ আছিল সুদক্ষ উদ্ভাৱক আৰু সকলাে কামতে নিপুণ।প্রকৃততে তেওঁৰ প্রথম পেটেণ্টটো আছিল। ১৮৫৭ চনত উদ্ভাৱন কৰা গেছ হােল্ডাৰ। তেওঁ ৩৫০ টাতকৈ অধিক সামগ্রী পেটেণ্ট কৰিছিল। শান্তিৰ সময়তো ৰেলগাড়ীৰ সুৰংগ, হাইৱে,খনি আৰু অন্যান্য কামত ডাইনামাইট ব্যৱহাৰ কৰা হয়। আলফ্রেড নােবেল শাৰীৰিক ভাৱে লেখত ল'ব লগা নাছিল। তেওঁ লাজকুৰীয়া, নিঃসংগ আছিল আৰু তেৱো জীৱনত বিয়া কৰােৱা নাছিল ।তেওঁৰ জীৱনকালত তেওঁক ঘৃণাৰ চকুৰে চোৱা হৈছিল।কিয়নাে তেওঁৰ যুদ্ধক বেছি ধ্বংসকাৰী কৰাৰ বাবে ভূমিকা লৈছিল। জীৱনৰ বেছিভাগ সময়ত তেওঁ দেউতাকৰ দৰেই ৰাজহুৱা সমালােচনাৰ প্রতি উদাসীন আছিল। কিন্তু নােবেলক এটি সৰু ঘটনাইপ্ৰভাৱ পেলাইছিল, যেতিয়া এখন বাতৰি কাকতে তেওঁ জীয়াই থাকোতেই ভুলক্রমে তেওঁৰ এটি মৰণােত্তৰ স্মৃতিলেখা প্রকাশ কৰি পেলাইছিল৷ ইয়াত তেওঁক মৃত্যুৰ বনিক বুলি বর্ণনা কৰা হৈছিল। এই মন্তব্যক তেওঁ আগতে গুৰুত্ব নিদিলােহেঁতেন, কিন্তু তেওঁক এতিয়া এই মন্তব্যই দুখ দিছিল,কাৰণ তেওঁ মৃত্যুৰ কাষ চাপিছিল আৰু তেওঁ উপলদ্ধি কৰিছিল যে উত্তৰ পুৰুষে তেওঁক এনেদৰেই মনত ৰাখিব। ইয়ে তেওঁক চিন্তাত পেলাইছিল, কিছু সময়ৰ বাবে তেওঁৰ সচিব হিচাপে কাম কৰা বেৰােনেছবার্থা ভন ছুটানাৰে। ১৮৯৫ চনৰ নৱেম্বৰ মাহত মৃত্যুৰ প্ৰায় এবছৰ আগেয়ে আলফ্রেড নােবেলে নিজৰ সম্পতিৰ বেছি অংশ পায় ২ নিযুত পাউণ্ড এখন ন্যাসৰ নামত দিবলৈ ইচ্ছাপত্রত চহী কৰে। নােবেলে নিজৰ শেষ দিনবােৰ ইটালিৰ ৰেমাে নামৰ ঠাইত কটায়। এই ন্যাসে ধনৰ সুতখিনি ৫টা ভাগত ভাগ কৰি পাঁচটা ক্ষেত্ৰত ৰাষ্ট্ৰীয়তা, লিংগ নির্বিশেষে বঁটা হিচাপে দিবলৈ থিৰ কৰিছিল (পাছত বেংক অৱ ছুইডেনে এটা বটা যােগ দিয়ে)। ১৮৯৬ চনৰ ১০ ডিচেম্বৰত আলফ্রেড বার্ণহার্ড নােবেলৰ মৃত্যু হয়। এতিয়া নােবেল বঁটা নােবেল সমিতিয়ে ছেপ্টেম্বৰ মাহত পৃথিৱীৰ প্রায় ৩০০০ জন বিভিন্ন
ক্ষেত্ৰত প্রখ্যাত ব্যাক্তিলৈ মনােনয়নৰ বাবে প্রেৰণ কৰে। এই পত্ৰখন ৩১ জানুৱাৰীৰ ভিতৰত পূৰণ কৰি পঠিয়াব লাগে।নােবেল সমিতিয়ে মনােনয়নৰ মাজৰ পৰা ৩০০ জনমান সম্ভাব্য বিজয়ীৰ নাম নির্বাচন কৰে। এই নামবােৰ কোনাে ক্ষেত্ৰতে প্রকাশ কৰা নহয়। মনােনয়নবােৰ বঁটা ঘােষণা কৰাৰ ৫০ বছৰলৈকে ৰাজহুৱা কৰা নহয়। নােবেল সমিতিয়ে বিভিন্ন বিশেষজ্ঞৰ পৰামর্শসমূহৰ এক প্রতিবেদন প্রস্তুত কৰে আৰু বঁটা প্রদান প্রতিষ্ঠান প্রার্থীসমুহৰ প্রাথমিক এখন তালিকা উপস্থাপন কৰে। প্রতিষ্ঠানসমুহে ভােটৰ সহায়ত বিজয়ীসকলক বাচি উলিয়ায়। একোটা বছৰত এটা বিষয়ত সর্বাধিক তিনিজন ব্যক্তিৰ নাম বঁটাৰ বাবে ঘােষনা কৰে। শান্তিৰ বঁটাৰ বাহিৰে আন বঁটাকেইটা ব্যাক্তি বিশেষক প্রদান কৰে। ব্যক্তি বা অনুষ্ঠানক শান্তিৰ বঁটাৰ বাবে মনােনয়ন কৰা হয়। নােবেল বঁটাৰ একমাত্র নামটোৱেই পৃথিৱী বিখ্যাত বিজ্ঞানী, সাহিত্যিক আৰু অৰ্থনীতিৰ দৃষ্টি সন্মােহিত কৰি তােলে।
ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু "Tsu" মানে বন্দৰ আৰু নামি "nami" মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।
ইতিহাসঃ
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়। ভাৰত মহাসাগৰৰ উপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প। ইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়। ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়।
সৃষ্টিৰ কাৰণঃ
সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল ভূমিকম্পই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ। সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল। সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল। মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল। সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ্য বেছি নাছিল। আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল। কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত। ইয়াৰ কাৰণ হ'ল - উপকূলৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়।
📖 অন্তৰীপ লেখক ভবেন্দ্ৰ নাথ শইকীয়া
📖 মিৰি জীয়ৰী লেখক ৰজনীকান্ত বৰদলৈ
📖 অঘৰী আত্মাৰ কাহিনী লেখক চৈয়দ আব্দুল মালিক
📖 ককাদেউতাৰ হাড় লেখক নৱকান্ত বৰুৱা
📖 উপেক্ষিত যৌৱন মোৰ লেখক প্ৰসন্নকুমাৰ শৰ্মা
📖 ফেৰেংগাদাও লেখিকা মেদিনী চৌধুৰী
📖 সন্দিকৈ কলেজ লেখক প্ৰণৱ কমাৰ বৰ্মন
📖 তেজত আচন্ন অন্ধকাৰ লেখক ৰঞ্জু হাজৰিকা
📖 স্বৰ্ণ শিহৰণ লেখক ৰঞ্জু হাজৰিকা
📖 স্বাধীনতাৰ স্বপ্নগাথা লেখক অজয় লাল দত্ত
📖 হেৰুৱা দিগন্তৰ মায়া- মহিম বৰা New
📖 পৃথিৱীৰ প্ৰেম- ফনী তালুকদাৰ New
📖 ৰঙা ৰঙা তেজ - উমাকান্ত শৰ্মা New
📖 অনামী নাগিনী - কৈলাস শৰ্মা New
📖 জীৱন অন্বেষণৰ বাটত - যোগেশ চন্দ্ৰ কলিতা New
📖 এজনী নতুন ছোৱালী - চৈয়দ আব্দুল মালিক New
📖 ধুমুহাৰ পিছত -নিলিমা দত্ত New
📖 য়াংজু নদীৰ পাৰ-মেদিনী চৌধুৰী New
📖 ৰহদৈ লিগিৰী - ৰজনীকান্ত বৰদলৈ New
📖 দেৱদাসী চৰনত কান্দে যাৰ প্ৰেমাঞ্জলি- ডঃ হেম বৰা New
📖 ফুলকোৱৰৰ পখী ঘোৰা- বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য New
📖 খোলাকটিৰ তাল- মেদিনী চৌধুৰী New
📖 তক্ষশীলাত বনমানুহ- ডঃ বীৰেন্দ্ৰ নাথ ডেকা New
📖 আধা লেখা দস্তাবেজ- মামনী ৰয়ছম গোস্বামী New
📖 মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস - মামনী ৰয়ছম গোস্বামী New
📖 দাশৰথিৰ খোজ - মামনী ৰয়ছম গোস্বামী New
📖 বিষকন্য়াৰ পৰশ - অমুল্য় হাজৰিকা New
📖 উল্কাৰ পোহৰ- কুমুদ গোস্বামী New
📖 কণিকা- সুৰেন্দ্ৰ নাথ শইকীয়া New
📖 মৃগ-তৃষ্ণা - নবীন চন্দ্ৰ ডেকা New
📖 ৰম্য়ভূমি- ভবেন্দ্ৰ নাথ শইকীয়া New
📖 শেষ পৃষ্ঠা - ভবেন্দ্ৰ নাথ শইকীয়া New
📖 সেন্দুৰ - ভবেন্দ্ৰ নাথ শইকীয়া New
📖 উপকন্ঠ - ভবেন্দ্ৰ নাথ শইকীয়া New
📖 ফেলানী - অৰূপা পটঙ্গীয়া কলিতা New
📖 মহাশ্বেতা - ৰমা বেজবৰুৱা New
📖 মহাশ্বেতাৰ পুনৰ্জন্ম - ৰমা বেজবৰুৱা New
📖 স্বপ্ন বৈজয়ন্তী - ৰমা বেজবৰুৱা New
📖 কবৰ আৰু কংকাল- কুমাৰ কিশোৰ New
📖 মনত মেঘৰ ৰং - জয়কান্ত গন্ধীয়া New
📖 বৰ্ষা যেতিয়া নামে - ৰমা দাশ New
📖 বাসনাৰ ফুল - সুৰেন্দ্ৰ কুমাৰ শৰ্মা New