Wednesday, June 21, 2023

অস্তগামি সূৰুযৰ আৰ্তনাদ

অস্তগামি সূৰুযৰ আৰ্তনাদ " আপুনি ? " - " হয় , মই ইয়ালৈ যোৱা কালি আহিছোঁ , মই খগেন হাজৰিকা । " - মানুহজনৰ তেজীৰঙা মুখখনৰ পৰা ওলোৱা কথাকেইটাত কোনো অনুভূতি নাছিল । অথচ , এইখনেই সেইখন ঠাই য'ত হয়তো কোনো এগৰাকী বৃদ্ধই নিবিচাৰে জীৱনৰ অন্তিeম দিনকেইটা পাৰ কৰিবলৈ । মহন্তই বুজি পাই এই যন্ত্রণা কি , কিমান গভীৰ ! খগেন হাজৰিকাই সুধিলে , " আপুনি বোধহয় বহুত দিনৰ পৰাই আছে ? " - " হয় " - মহন্তৰ চমু উত্তৰ । পুনৰ প্রশ্নবাণ হাজৰিকাৰ , " আপুনি ইয়াত সুখী নে ? " - " অনাকাংশিত সুখৰ সন্ধানত বৃদ্ধাশ্রমত আমিওটো এটা পৰিয়াল । য'ত বাৰ্ধক্যই আমাৰ জীৱনৰ অক্ষত পৃষ্ঠাবোৰ লুটিয়াই আৰু হয়তো সেই পৃষ্ঠাবোৰৰ আঁৰত লুকাই আমি এখন ভাওনাৰ ভাওৰীয়াৰ দৰে অভিনয় কৰোঁ । এৰা , ইয়ো বাস্তৱ জীৱনৰ এক অপ্রত্যাশিত বাস্তৱ । " হয় , সেইবাবেইটো এই বৃদ্ধাশ্রম । য'ত সুখ - দুখৰ ধূসৰ ছবিবোৰ আমি ভালকৈ মনিব নোৱাৰোঁ । তেজৰ সম্পৰ্কবোৰৰ অনুপস্থিতিত জীৱনৰ সন্ধান কৰিব লগা হয় । এৰা , জীৱনৰ এই ক্ষণত উপস্থিত হোৱাৰ পাছত অভ্যন্তৰৰ পৰা এলানি শব্দাংশই কাণলৈ উফৰি আহিছে , ' তেজৰ সম্পৰ্কতকৈ মনৰ সম্পক অধিক সবল আৰু তীব্র । ' ইতিমধ্যই পশ্চিমৰ আকাশত সুৰুয দেৱতাৰ প্রস্থানৰ যো- জা কৰিছিল । তাৰ পৰিৱৰ্তে আকাশত ওলমি ৰেছিল শান্তিৰ অঘোষিত একচত্রী সম্রাট চন্দ্রমা । ই সকলোৰে প্রিয় । তাৰ এটা কাৰণ হ'ল ইয়াক সকলোৱে মনভৰি চাব পাৰে ইচ্ছা অনুযায়ী । সেইবাবে কোনাবাই হয়তো ঠিকে কৈছিল , " বেলিৰ ইমান উজ্জল আভা থাকি কি লাভ , যদি তাক কোনেও মন জুৰাই চাবই নোৱাৰে । " বৃদ্ধাশ্রমৰ কাষত চোতালৰ দৰে ঠাই ডোখৰ , য'ত ওৰে ৰাতি জোনাক সৰে , এন্ধাৰেও য'ত কবিতা ৰচে । নীৰৱ শব্দহীন কবিতা । মৰতৰ তৰাৰূপী জোনাকী পৰুৱাই বিচাৰকৰ ভূমিকা পালন কৰিছে ! এককথাত , পৰিবেশটো কোনো উপন্যাসৰ সুবৰ্ণনাতকৈ কম হোৱা নাই , মায়াময়। এইখিনিতেই জোনাক বিশেষ । বতৰতো অলপ গোমা হয়তো বৰষুণ দিব ।এই বৰষুণ জাকো বিশেষ , ' ই নিশাক আৰু অধিক নিশালৈ ৰূপান্তৰ কৰে । ' জীৱন কি নিজক সোধা , জীৱনৰ পৰিচয় পোৱাটো সম্ভৱ নে ? হয়তো সম্ভৱ ! বৃদ্ধাশ্রম , এতিয়াৰ পৰা খগেন হাজৰিকাৰ নতুন পৰিচয় । - এক অপ্রত্যাশিত পৰিচয় । সন্ধিয়াৰ চাহ খাই অলপ জিৰণি লোৱাৰ যেন ইয়াৰ সকলোৰে এক অলিখিত নিয়ম। কিন্তু খগেন হাজৰিকা নামৰ নতুন বাসিন্দা জনৰ আগে কোনো এনে অভ্যাস নাছিল বাবে বহি ল'লে খিৰীকিৰ সিপাৰৰ পৃথিৱীখন চোৱাৰ হেপাঁহত । হয় , তেতিয়ালৈ সকলো ঘৰমুৱা হৈছিল । ঠিক একেদৰে যেনেকৈ অনুৰাগ সৰু থাকোতে স্কুলৰ পৰা আহিয়েই বেগটো বিচনাতে পেলাই কৈছিল , " মা , ভাত দিয়া ভোক লাগিছে ! কিয় জানো কাষৰ চৰাই বাঁহটোৰ পোৱালি কেইটাৰ ভোকাতুৰ চিঞৰ কেইটাই আজি অতীতৰ সেই আনন্দময় গাঁৱৰ দিনবোৰলৈ মনত পেলাই গৈছে । একমাত্র সন্তানেৰে বৰ সুখৰ আছিল খগেন হাজৰিকাৰ পৰিয়ালটো । হয়তো পত্মীৰ বিয়োগেই হৈ পৰিল খগেন হাজৰিকাৰ কাৰণে অভিশাপস্বৰূপ । ঠিকনাবিহীন হৈ পৰিল আজি তেঁও , নিজ হাতেৰে গঢ়ি তোলা ঘৰখনক দেখি যেন নিয়তিয়ে দূৰৰ পৰা এক কূটিল হাঁহিৰে চাই ৰয় এই অৱস্থাটোক । বাৰীৰ গছবোৰৰো যেন সৰি পৰে পাতবোৰ । পত্মীৰ চিতাৰ জুইয়ে যেন আজি তেওঁক হাত- বাউলী দি মাতিছে - ' আপুনিও আহক মোৰ লগতে । সুখৰ সংসাৰৰ মোহ এতিয়া পৰিত্যাগ কৰক আপুনি । মই হীনতাত আপোনাৰ দুখৰ চকুলো মচিব নোৱাৰিব অকলে । ' এয়েতো জীৱন , সচাঁ কৈয়ে আজি খগেন হাজৰিকাৰ চকুত চকুলো । কোনে মচিব আজি তেঁওৰ চকুলো ? বৃদ্ধাশ্রমত কোনে কাৰ দুখৰ সমভাগী হ'ব ? সকলোৱেইটো নিজৰ বোজা কঢ়িয়াই ভাৰাক্রান্ত তেনেস্থলত কোনে ক'ব নাকান্দিব বুলি । এৰা , সেই দুখেই অধিক তীব্রতম , যাৰ কোনো অংশীদাৰ নাই । পিতৃ - মাতৃৰ প্রতি এইয়াইটো সভ্য সমাজত বাস কৰা , দামী পোছাক পৰিহিত নিৰ্দয় পাষাণ সন্তানৰ পিতৃ মাতৃৰ প্রতি ভক্তি । কি প্রয়োজন সেই সন্তানৰ পিতৃত্ব অৰ্জন কৰি , কি প্রয়োজনেই বা সেই সন্তানক বুকুৰ তেজ পিব দি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ ? আজি নিৰূপায় সকলো । বৃদ্ধাশ্রমত নাই আজি একো প্রশ্নৰ উত্তৰ। হয়তো , কিছুমান প্রশ্ন থাকে যাৰ কোনো উত্তৰ নাথাকে । তাৰ ঠাইত থাকে এক অনামী দুখৰ অনুভূতি । পেছাত শিক্ষক হিচাপে অজীৱন নিজ কামত অতি দক্ষ আৰু অমায়িক খগেন হাজৰিকা -ৰ আছিল এক সুখী পৰিচয় । পত্মী সহিতে একমাত্র সন্তানৰ সুখৰ পৰিয়াল । সেই বাবেই হয়তো অঞ্চলটোৰে আৰ্দশ ব্যক্তিস্বৰূপ আছিল তেওঁ । সকলো ধৰণৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত খগেনৰ অন্তৰখনো আছিল বহল । দৰিদ্রক সহায় কৰি ভাল পোৱা খগেনে ঘৰত বিনামূলীয়াকৈ য়ো পঢ়াইছিল আৰ্থিকভাৱে দুৰ্বল ঘৰৰ ছাত্র- ছাত্রীক । গোটেই গাঁওখনকে নিজৰ ঘৰ বুলি ভবা হাজৰিকাৰ পুত্র সন্তান লাভৰ খবৰে স্বাভাৱিখতে উৎফুল্লিত কৰিছিল অঞ্চলবাসীক । সময় বাগৰিল । খগেন হাজৰিকাৰ পুত্র সন্তানো লাহে লাহে ডাঙৰ হৈ আহিল । আশা - ভৰসাও যেন একমাত্র সন্তানৰ ওপৰত নিমজ্জিত হৈ পৰিল । পত্মীৰ লগত সন্তানক লৈ দেখা সপোনৰ কথাবোৰ আওঁৰাইছিল একেলগে। শিক্ষকতা কৰি পোৱা দৰমহাৰ টকাকেইটাৰে সন্তানৰ সকলো অভাৱ - অভিযোগ দূৰ কৰা , পঢ়াই - শুনাই সন্তানক ডাঙৰ মানুহ কৰা , সময়ত নিজ সন্তানক বিয়া কৰাই দি নাতি - নাতিনীৰে ভৰা এখন সংসাৰৰ জীৱনৰ বাকীছোৱা কাল অতিবাহিত কৰা - আদি নানান চিন্তাৰে ভৰি পৰিছিল তেঁওৰ মন মগজু । কিন্তু খিৰিকিৰ সিপাৰে এটা কলা ছায়া মূতি , কি হয় ! জানেনে কোনোবাই ? নাজানে সকলোৰে অজ্ঞাতে নিয়তিয়ে এক অদ্ভুত খেলৰ আৰম্ভণি ঘটাই কুটিল হাঁহিৰে শংখনিনাদ বজাইছিল । চকু মেলুটেই বাহিৰৰ চৰাইজাকে " শুভ ৰাতিপুৱা " -ৰ অভিনন্দন জ্ঞাপন কৰিছিল । হয় , এটা নতুন ৰাতিপুৱা। সকলো একে আছে , মাত্র খগেন হাজৰিকাৰ আজিৰ ৰাতিপুৱা উঠি দেখা চৌপাশটোৰ বাহিৰে । এৰা , পৰিস্থিতিয়ে জীৱনৰ বিভিন্ন সময়ত ভাঁজে - ভাঁজে বিচিত্র ৰহণ সানে । - হাতত একাপ চাহ লৈ বাহিৰত বহিল খগেন হাজৰিকা । লগত তেঁওৰ বয়সৰে দুজন লোকৰ জীয়াই থকাৰ দুবাৰ হেপাঁহ । যি ৰাতিপুৱা খোজ কাঢ়ি আৰু যোগাসনেৰে নিজৰ শৰীৰক যোগান ধৰিছে অফুৰন্ত যৌৱনৰ মন্ত্র । কিন্তু , খগেন হাজৰিকাৰ মনৰ আকাশখন ভয়ানকভাৱে গোমা । কাৰণ যেতিয়া মনটোৱেই আন্ধাৰ হৈ থাকে , তেতিয়া বাহিৰৰ পোহৰো অসহ্য লাগে । গেটৰ কাষতেই কৃষ্ণচুড়া জোপা । ৰাঙলী আভাৰে সনা । তলসৰা পাহিৰে বননি খনক এক অনন্য মাত্রা প্রদান কৰিছে , তাৰ তলেৰে অলপ খোজ কাঢ়ো বুলি ওলাই আহিল অকলেই । এৰা , কিছুমান সময়ত সকলোৰে পৰা আঁতৰত নিজৰ মাজতেই থাকিয়েই ভাল লাগে । জীৱনৰ পৰিপূণতাৰ বাবে এই সময়খিনি প্রত্যেকজন ব্যক্তিৰ বাবেই খুবেই প্রয়াজন । জীৱনৰ মাদকতা এইখিনিতেই । পুনৰ ভাৱনাৰ সাগৰৰ অতীত নামৰ দুৱাৰৰ টুকুৰণি । - " অ' দেউতা , মই কৰিলোঁ Homework খিনি " পুত্রৰ মুৰত হাত ফুৰাই বাপেকে ক'লে , - " ভাল ল'ৰা , তই এদিন ডাঙৰ মানুহ হ'ব লাগিব সোন বহুত ডাঙৰ মানুহ । " এৰা , বহুত ডাঙৰ মানুহ ............ । - " কিমান ডাঙৰ দেউতা ? " শিশুসুলভ অনুৰাগৰ প্রশ্ন । - " য'ৰ পৰা তই গোটেই পৃথিৱীখন চাবলৈ সাৰ্মথ্য হঁও , সেইকাৰণে কৈছোঁ ভালকৈ পঢ় । " - দেউতাৰ মুখত সেই বিজয়ৰ বিশেষ হাঁহিটো লাগি ৰৈছিল। সময়ে পাখিলগা কাঁড়ৰ গতিত আগবাঢ়িল । সকলো ভবামতেই যেন আগবাঢ়িছিল খগেন হাজৰিকাৰ । সন্তান ডাঙৰ হৈ অহাৰ ফলত খৰচৰ পৰিমাণো বাঢ়ি গ'ল । কিন্তু , খগেনৰ বাবে এজন পিতৃ হিচাপে এয়া আছিল নিঃস্বাৰ্থ মৰম , সীমাহীন দায়বদ্ধতা আৰু সন্তানৰ ভৱিষ্যতক লৈ দেখা সপোনৰ বহিঃ প্রকাশহে মাখোন । এয়া খৰচ নহয়। খগেন হাজৰিকাই সন্তানক ভৱিষ্যতৰ ভাল জীৱন এটা দিয়াৰ পৰা যেন এক ইঞ্চিও দূৰত নাছিল । উচ্চ শিক্ষাৰ কাৰণে সন্তানক বাহিৰত পঠিয়াব লগা কথাষাৰে খগেন হাজৰিকাক কিছু আৱেগিক নকৰা নহয়। একমাত্র সন্তানক চকুৰ আঁতৰত থাকিব লগা হোৱাত এক অনামী শোকে খুন্দা মাৰি ধৰিছে । কিন্তু পত্মীৰ উৎপাতে খগেনক বিচলিত হ'ব নিদিয়ে , " আমাৰ সন্তান এদিন এজন ভাল ইঞ্জিনীয়াৰ হৈ ঘৰলৈ উভতি আহিব । আপুনি মিছাতে ইনেই চিন্তা কৰি আছে । " - পত্মীৰ এনে কথাই খগেন হাজৰিকাৰ সাহসৰ চিৰন্তৰ উৎস । - কিন্তু , সকলো ভবামতেই হোৱা হ'লে পৃথিৱীখন ইমান জটিল নহ'ল হয়। আকাশখন আজি আচৰিতভাৱে নীলাবিহীন । হয়তো ডাৱৰৰ আঁৰত আজি সপোনেও সমাধিক্ষেত্র পাতিছে । সপোনৰ সমাধিক্ষেত্র ! খগেন হাজৰিকাৰ পুত্র সন্তান আজি ঘৰৰ পৰা বহু দূৰৈত থাকি পঢ়া এজন ইঞ্জিনীয়াৰিঙৰ ছাত্র । শিক্ষকতাৰ পৰা মাহেকত পোৱা দৰমহাৰে সন্তানক সকলো পঢ়াৰ খৰচৰ লগতে ঘৰৰ আনুষংগিক খৰচৰ লগতে বাকী সমূহ চলাই নিয়াত কিছু অসুবিধা নথকা নহয় । হ'লেও কিন্তু সন্তানক একমাত্র ভৰসা কৰি সকলো খৰচ বহন কৰি আছে অকলেই । খগেনৰ সন্তান অনুৰাগ হাজৰিকা এতিয়া ডাঙৰ হ'ল । লগতে তেঁওৰ এতিয়া অৱসৰৰ সময় সমাগত । আৰ্জিত বেছিভাগেই ধন সন্তানৰ পঢ়াৰ নামত খৰচ হ'ল । ইফালে বেংকৰ ৠণ পৰিশোধ কৰাৰ বাবত মাহেকৰ দৰমহাৰ কিছু অংশ খৰচ হয় । পুত্র মোহত বিভোৰ হাজৰিকাৰ চাগে এইবোৰলৈ অলপো ভ্রক্ষেপ নাই । কাৰণ , হয়তো এবছৰ পাছতে পুত্র ইঞ্জিনীয়াৰ হৈ ঘৰলৈ উভতি আহিব , ভাল চাকৰিত সোমাই মাক - দেউতাকৰ সপোনবোৰ পূৰ কৰিব । একমাত্র তেওঁৱেই নে ? সকলো পিতৃয়েই এইটো সপোন বুকুৰ এচুকত অলিখিতভাৱে সাঁচি ৰাখে । ঠিক , একেদৰে খগেন হাজৰিকাইয়ো সেই দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে । খগেন হাজৰিকা এজন শিক্ষিত পিতৃ হিচাপে সন্তানক ভাল মানুহ কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰে । ইয়াত জানো প্রত্যেকজন মাক দেউতাকৰ ভূল আছে ? কিন্তু , সন্তানক জ্ঞানী তথা সু- চৰিত্র অধিকাৰী হ'বলৈ জানো একমাত্র মাক - দেউতাকৰেই দায়িত্ব ? সু - চৰিত্রৰ অধিকাৰী হ'বলৈ জানো সন্তানৰ ইচ্ছা থাকিব নালাগিব ? কিন্তু , যদিহে কোনো সন্তানে আত্মপ্রত্যয়েৰে নিজ চৰিত্র নিজে গড় দিব নোৱাৰি অহংকাৰবোধ তথা সামাজিক দায়বদ্ধতাৰ পৰা আঁতৰি জানো সেই সন্তানে উচ্চ শিক্ষিত হৈয়ো জ্ঞানীৰ মৰ্য্যদা লাভ কৰিব পাৰিব ? কেৱল উচ্চ ডিগ্ৰীধাৰী সকলকেই জ্ঞানী আখ্যা দিয়া জানো যুক্তিসংগত ! আজি কেইদিনমানৰ পৰা হাজৰিকাৰ পত্মীৰ গাটো ভাল নাই । ডাক্তৰক দেখুৱাই চিকিৎসা কৰাইছে যদিও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। সাংসাৰিক দায়িত্ববোধৰ স্বাৰ্থত অসুস্থ দেহাৰেই ঘৰৰ সকলো কাম - বন কৰিব লগা হৈছিল । হাজৰিকাৰ পত্মীৰ এতিয়া এগৰাকী বোৱাৰীৰ একান্তই প্রয়োজন । কিন্তু , সন্তানে আগতে চাকৰি এটাত নোসোমোৱাকৈ জানো তাৰ বিয়াৰ কথা চিন্তা কৰাটো জানো সমূচিত হ'ব ? ইঞ্জিনীয়াৰিঙৰ পঢ়া সামৰি আজি অনুৰাগ ঘৰলৈ উভতিব । হয় , খগেন হাজৰিকাৰ ডাঙৰ দায়িত্ব এটা যেন আজি শেষ হ'ল । অৰ্থাৎ , সন্তানক পঢ়োৱাৰ দায়িত্ব । বহু কষ্ট স্বীকাৰ কৰি হাজৰিকাই সন্তানক ব্যয়বহুল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্রমত নামভৰ্তি কৰিলে । সন্তান আজি উচ্চ শিক্ষাৰে শিক্ষিত ! এতিয়া সি মাক - দেউতাকৰ সাধনাৰ প্রতিদান নিজৰ দায়িত্ববোধৰ মাজেৰে দেখুৱাব লাগিব । এনেও , খগেন হাজৰিকাৰ সন্তান বুলি ওচৰ চুবুৰীয়াই তাক সমীৰ কৰি চলে। গতিকে , মাক দেউতাকক নিশ্চয় সি অৱহেলা নকৰিব । - ভাগ্যৰ চকৰী ঘূৰিল নিজৰ অহংকাৰেৰে মাত্র তাৰ নিয়ন্ত্রণৰ দায়িত্বত আছিল কালৰূপী সময় । সি চাকৰি পোৱাৰ খবৰটোৱে আনন্দৰ চকুলো বোৱাইছিল মাক দেউতাকৰ । এৰা , সন্তানৰ সুখতেই জানো উলমি থকা নাই তেওঁলোকৰ উল্লাহৰ প্রসন্নতাৰ হাঁহিটো । মেধা আৰু মাক দেউতাকৰ অফুৰন্ত সাধনাৰ বলতে জানো আজি এটা লোভনীয় দৰমহাৰ নামী কোম্পানী এটাৰ জুনিয়ৰ ইঞ্জিনীয়াৰ চাকৰি লাভ কৰিব সক্ষম হোৱা নাই ? ঘৰৰ পৰা আকৌ বহুত দূৰত থাকিব লাগিব সি । হ'লেও খগেন হাজৰিকা এতিয়া এজন অৱসৰপ্রাপ্ত শিক্ষক । যি কি নহওঁক মাহেকৰ অন্তত পেঞ্চনৰ টকাকেইটাৰে অৱসৰৰ পাছৰ দিনকেইটা নিয়াব পাৰিব । আৰু আমাৰ ই দেখোন আছেই ! দিনৰ পাছত দিন বাগৰিল । সন্তানৰ মাক দেউতাকৰ প্রতি খবৰ লোৱাৰ যেন আগ্ৰহো কমি আহিল । কৰ্ম ব্যস্ততাৰ দোহাই দি খবৰ ল'বলৈ আহৰি পোৱা নাই বুলি হ'লেও খগেন হাজৰিকাই নিজৰ মনটোক সান্তনা দি ৰাখিছে । অপ্রত্যাশিত দুখবোৰৰ ঘাঁ অতি কৰুণতম । এৰা , মিছা কথা ধৰা পৰিলে কোৱা জনতকৈ ধৰা পেলোৱা গৰাকীৰ কষ্ট ইনেও বেছি । ইফালে পত্মীৰ খৰচ বহন কৰাটোও টান হৈ আহিছে বৃদ্ধ খগেনৰ পক্ষে । তেন্তে , মিচাঁকৈয়েই সন্তানৰ মায়া মোহত পৰি , অথবা সপোন দেখি সন্তানৰ নামত ইমানবোৰ টকা খৰচ কৰি কিবা লাভ হ'ল জানো ? কোনে ক'ব খগেন হাজৰিকাক একমাত্র পুত্র আজি কাৰোবাৰ হাতৰ পুতলা হৈ পৰিছে বুলি ? মাক দেউতাকৰ সকলো আশাক চুৰমাৰ কৰি সন্তানে আজি বিয়া কৰাইছে বাহিৰৰে এজনী ছোৱালীক । মাক - দেউতাকৰ আশাক সমাধি পতা এখন বিয়া । যিজনী ছোৱালীৰ শিৰৰ সেন্দুৰকণে জন্মদাত্রী মাতৃৰ খবৰ এটা লোৱাৰ পৰাও যি সন্তানক বঞ্চিত কৰিছিল । যিজনী ছোৱালীৰ অহংকাৰে এজন সন্তানক নিজ জন্মদাতা বৃদ্ধ পিতৃৰ সেমেকা চকুহাল মচিবৰ কাৰণে নিজ গৃহলৈ আহিবলৈ বাধা প্রদান কৰিছিল । অকলশৰীয়া ঘৰখনত নিজ পিতৃক এসাঁজ অন্নদান কৰিবলৈ অহাটো আজি যাৰ দায়িত্ববোধৰ বাহিৰত । হয় , তেওঁৱেই আছিল এসময়ৰ খগেন হাজৰিকাৰ গৌৰৱৰ কাৰণ অনুৰাগ হাজৰীকা । পত্মীৰ বিয়োগ আৰু পুত্রৰ এই অমানৱীয় কাণ্ডত মানসিকভাৱে ভাগি পৰিছিল এজন পিতৃ হিচাপে । একমাত্র পুত্রৰ পৰা পোৱা অপ্রত্যাশিত দুখৰ শেষ আশ্রয় এই বৃদ্ধাশ্রম । পুত্র বোৱাৰীৰ শাৰীৰিক - মানসিক অত্যাচাৰৰ বলি হৈ মৃত্যুৰ ক্ষণ গণি থকা ক'ত বৃদ্ধ - বৃদ্ধাৰ আশাৰ শেষ আশ্রয় এই বৃদ্ধাশ্রম । দুখত ভাৰাক্রান্ত বৃদ্ধ - বৃদ্ধাৰ জীৱন্ত প্রতিলিপি এই বৃদ্ধাশ্রম। কিয় জানো আজি এজন অভিজ্ঞ পুৰুষৰ মুখৰ দুটামান শব্দই বাৰে বাৰে নিজৰ অৱস্থাটোৰ কথাই সোৱৰাই গৈছে - ' আইনা যিমানেই ধুনীয়া নহঁওক কিয় , ভাঙিলে তাৰ টুকুৰাই হাত কাটিবই।' এয়াই নেকি জীৱনৰ দুৰ্দশা , কি আছিল কি হৈ গ'ল ? হয়তো কি হ'বলৈ গৈ আছে তাক বুজাই কোৱাৰ প্রয়োজন নাই । সচাঁই বৰষুণ শেষ হোৱাৰ পাছত যে ছাতিটোও বোজা যেনেই লাগে । বাৰাণ্ডাত আবেলি সময়টো কটোৱাৰ আছে এক সুকীয়া মাদকতা । চকুৰে যিমানদূৰ পাৰি চাই পঠিয়ালে তেঁও। মাজে মাজে মনত অগাদেৱা কৰা যাযাবৰী ভাৱবোৰ । অস্তগামী সুৰুযৰ এই স্থিতিয়ে যেন আজি তেওঁৰ অৱস্থাকেই কৈ গৈছে নীৰৱে । পুৱাৰ সূৰ্যোদয়ৰ ৰ'দালি সকলোৰে বাবে উপাস্য , কিন্তু পশ্চিমত অস্ত যোৱা আবেলিৰ বেলিক কোনোবাই সেৱা কৰা দেখিছানে ? উত্তৰত এটাই নাই , কাৰণ সি অস্পৃশ্য সমাজৰ দৃষ্টিত ! দূৰৈত আকাশেৰে কিৰিলি পাৰি উৰি গৈছে এজাক পৰিভ্রমী চৰাই । যেন উপস্থিতিৰ বাতৰি সকলোকে জনোৱাটো এক অধিকাৰ সিহঁতৰ ‌। নাই কোনো চিন্তা সিহঁতৰ জীৱনক লৈ ।যাযাবৰী সিহঁত । কিন্তু সুখী বহুত । গোটেই আকাশখনেই সিহঁতৰ । তাৰ তলতে আশ্রয় লৈ বহি ৰৈছে বৃদ্ধাশ্রমৰ নৱ আৱাসী খগেন হাজৰিকা। ঠিকনাবিহীন তেওঁ আজি । অৱশ্য নতুন এটা ঠিকনা গঢ় লৈ নুঠা নহয়। যি ঠিকনা প্রয়োগ কৰিয়েই হয়তো স্বৰ্গীয় পত্মীলৈ কেতিয়াবা চিঠি লিখিব পাৰিব । কপাঁ-কপাঁ নিঃস্তেজ আখৰেৰে আখৰেৰে - " আমি নিঃসন্তান হোৱাই ভাল আছিল অ' নিৰ্মলা । " লেখক - শশাংক প্রতিম গগৈ ভূগোল বিভাগ , মৰাণ মহাবিদ্যালয়

No comments:

Post a Comment